আজি ঘোষণা হ’ব ২০ দোষীৰ শাস্তি; ন্যায়ৰ অপেক্ষাত অসমবাসী।
সমগ্ৰ ৰাজ্যক কঁপাই যোৱা চাঞ্চল্যকৰ অভি-নীল হত্যাকাণ্ডৰ আজি চূড়ান্ত ৰায়দান। দীৰ্ঘ আঠ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই আজি নগাঁও জিলা সত্ৰ ন্যায়ালয়ে ঘোষণা কৰিব এই বৰ্বৰ কাণ্ডৰ সৈতে জড়িত ২০জন অভিযুক্তৰ শাস্তিৰ পৰিমাণ।
২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমোকাত সংঘটিত হৈছিল মানৱ সমাজক লজ্জানত কৰা সেই নৃশংস হত্যাকাণ্ড। পঞ্জুৰী কছাৰী গাঁৱত সোপাধৰাৰ মিছা গুজবৰ বলি হৈ উন্মত্ত জনতাৰ হাতত কৰুণভাৱে প্ৰাণ হেৰুৱাইছিল গুৱাহাটীৰ দুই প্ৰতিভাশালী যুৱক নীলোৎপল দাস আৰু অভিজিত নাথে।
ন্যায়ালয়ৰ শেহতীয়া স্থিতি:
মুঠ অভিযুক্ত: এই গোচৰত মুঠ ৪৫জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছিল।
দোষমুক্ত ঘোষণা: ইয়াৰে ২৫জন অভিযুক্তক পৰ্যাপ্ত তথ্য-প্ৰমাণৰ অভাৱত আদালতে ইতিমধ্যে দোষমুক্ত ঘোষণা কৰিছে।
দোষী সাব্যস্ত:বাকী ২০জন অভিযুক্তক আদালতৰ মজিয়াত দোষী সাব্যস্ত কৰা হৈছে।
চৰম শাস্তিৰ সম্ভাৱনা:
আজি এই ২০জন দোষীক কি শাস্তি প্ৰদান কৰা হ’ব, তাক লৈ ৰাজ্যজুৰি উৎসুকতা বিৰাজ কৰিছে। আইনৰ বিশেষজ্ঞ আৰু সাধাৰণ জনতাৰ ধাৰণা অনুসৰি, যিহেতু এইটো এক বিৰল আৰু বৰ্বৰ হত্যাকাণ্ড আছিল, সেয়েহে আদালতৰ পৰা চৰম শাস্তি (মৃত্যুদণ্ড বা আজীৱন কাৰাদণ্ড) ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
অভি-নীলৰ পৰিয়ালে বিগত আঠ বছৰে কেৱল ন্যায়ৰ বাবে অপেক্ষা কৰি আছিল। আজিৰ এই ৰায়দানে সমাজলৈ কি বাৰ্তা কঢ়িয়াই আনে, সেয়া হ'ব লক্ষণীয়।
আজিৰ এই ঐতিহাসিক ৰায়দানৰ লগে লগে অভি-নীলৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক, তাৰেই কামনা কৰিছে প্ৰতিজন অসমীয়াই।
#barta365 #newsupdate #abhineelcase

0 Comments